15 যাৰবিয়ামে তেওঁৰ নিজৰ কাৰণে নিজে সজা দামুৰি আৰু ছাগলীৰ প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল।
এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।
তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।
তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।
ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।