Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 10:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 10:16
34 পৰস্পৰ সংযোগসমূহ  

পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”


দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।


সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”


তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”


মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।”


কিন্তু যিহূদাৰ নগৰবোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত হ’লে ৰহবিয়ামে ৰাজত্ব কৰি থাকিল।


এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।


তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ।


অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।


যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।


যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;


কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।


কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”


ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।


তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।


কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,


কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।


মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।”


যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।


ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”


চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল।


তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?


তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন