Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 1:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 1:6
6 পৰস্পৰ সংযোগসমূহ  

পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।


তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।


আৰু চলোমনে যিহোৱাৰ উদ্দেশে দিয়া মঙ্গলাৰ্থক বলিস্বৰূপে বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া ও ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু ইস্ৰায়েলৰ সকলো সন্তানে যিহোৱাৰ গৃহৰ প্ৰতিষ্ঠা কৰিলে।


ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।


তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।


তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন