16 আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।”
আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।
হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।