Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 8:14
18 পৰস্পৰ সংযোগসমূহ  

লোক সকলে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভুত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তান সকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।”


তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।


যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”


তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।


সেই কালত ইদোমৰ ৰজা নাছিল; এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল।


এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।


যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷


পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।


আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।


পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।


অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।


সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।


হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন