Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 7:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা৷ কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 7:29
6 পৰস্পৰ সংযোগসমূহ  

ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”


ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্‌ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।


এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।


মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন