Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 6:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 6:20
23 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।


আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷


তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু:সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।


তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।


মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।


হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।


সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।


তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভটি আহিল, আৰু দায়ূদেও নিজৰ পৰিয়ালসকলক আশীৰ্ব্বাদ কৰিবলৈ উভতি আহিল।


পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।


যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”


মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”


তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”


তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,


চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।


আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।


অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?


তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন