Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 5:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 5:19
12 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”


তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।


সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।”


আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে তাৰ আগত পৰিচৰ্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক শোধাই দিম।”


তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”


তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”


তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।


তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।


তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”


আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন