Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 3:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 3:25
16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”


সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”


যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”


অম্মোনৰ সন্তান সকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হানুনক ক’লে, “দায়ূদে আপোনাৰ পিতৃক আদৰ কৰে দেখি, আপোনাক সান্ত্বনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে?” দায়ূদে নগৰ চাবলৈ, তাৰ বুজ-বিচাৰ ল’বলৈ আৰু তাক নষ্ট কৰিবলৈ দাসবোৰক জানো পঠোৱা নাই?


তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?


যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।


যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।


মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।


যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।


কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্রোধ, এই সকলোকে মই জানিছোঁ।


ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”


লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”


তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?


হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।


ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্ব্বাদ পাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন