Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 3:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?

অধ্যায়টো চাওক কপি কৰক




2 চমূ 3:24
8 পৰস্পৰ সংযোগসমূহ  

পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”


অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।


ঈচ্‌বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।


তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”


যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”


আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।


ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন