16 তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।
যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
তেতিয়া দায়ুদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ’ল।
আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল৷ তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল।
অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
তাতে ঈচ্বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।
আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল৷ পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’
পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”