Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 24:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 পাছত অৰৌণাই চাই দেখিলে যে, তেওঁৰ ফালে ৰজা আৰু তেওঁৰ দাসবোৰ আহি আছে, তাতে অৰৌণাই আহি ৰজাৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 24:20
7 পৰস্পৰ সংযোগসমূহ  

তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।


পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।


তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে গাদৰ নিৰ্দেশ মানি দায়ুদ উঠি গ’ল।


আৰু অৰৌণাই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ নিজৰ দাসৰ ওচৰলৈ কি কাৰণে আহিল?” দায়ূদে ক’লে, “লোকসকলৰ মাজৰ পৰা মহামাৰী গুচিবৰ বাবে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণা মৰা খলা কিনিবলৈ আহিছোঁ।”


তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”


তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে আৰু তেওঁক ক’লে, “মই বিদেশীনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন