Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 23:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 23:19
9 পৰস্পৰ সংযোগসমূহ  

ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”


আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।


সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।


তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল।


তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।


ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।


তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷


আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।


এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন