Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 23:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 23:18
11 পৰস্পৰ সংযোগসমূহ  

আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।


আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।


তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”


তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল।


অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।


এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।


সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।


তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।


যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন