Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 23:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 23:14
11 পৰস্পৰ সংযোগসমূহ  

বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।


তাতে দায়ূদে চৌলৰ আগত শপত খালে। তাৰ পাছত চৌল নিজৰ ঘৰলৈ গ’ল, কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল দুৰ্গলৈ গ’ল।


তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।


যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”


পলেষ্টীয়াসকল নগৰ ৰক্ষী সৈন্যসকল মিকমচলৈ ওলাই গ’ল।


এইদৰে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক চৌলে পৰাস্ত কৰা কথা ইস্ৰায়েলৰ সকলো লোকে শুনিলে, আৰু ইস্ৰায়েল সকল ফিলিষ্টীয়া সকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ’ল, তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ’ল।


তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।


পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।


ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন