Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 22:45 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

45 বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 22:45
8 পৰস্পৰ সংযোগসমূহ  

যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।


তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।


পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।


যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-


“যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে।


হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন