Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 20:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷

অধ্যায়টো চাওক কপি কৰক




2 চমূ 20:23
10 পৰস্পৰ সংযোগসমূহ  

এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।


সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।


এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।


তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।


তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।


কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।


চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন