Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 2:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 2:27
11 পৰস্পৰ সংযোগসমূহ  

বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।


তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”


তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।


বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?


পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।


মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।


যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,


এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।


তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”


তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন