Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 2:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 2:26
17 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।


তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”


সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।


পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।


তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”


তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।


তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?


হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।


বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।


কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।


অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।


মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে।


কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?


কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।


“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”


তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।


পাছদিনা খন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা?’


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন