Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 2:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 2:14
10 পৰস্পৰ সংযোগসমূহ  

পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।


বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?


পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।


বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।


দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।


তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।


সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।


তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন