Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 19:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ’ল বোলে, “চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে৷” তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 19:8
10 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত দায়ুদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।


তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে যিহকে ভাল দেখা, মই তাকেই কৰিম।” পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ’ল আৰু সকলো সৈন্য শ শ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ’ল।


ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।


তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”


যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল।


তেওঁলোকে অবচালোমক নমাই আনি, হাবিৰ মাজত থকা বৰ গাত এটাত পেলাই দিলে; তেওঁলোকে তেওঁৰ ওপৰত শিলৰ এটা বৰ দ’ম ৰাখি হ’ল আৰু সকলো ইস্ৰায়েলৰ প্ৰত্যেক জন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল


অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”


তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল।


তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন