15 তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিলগললৈ আহিল।
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।” এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে।