21 তেতিয়া যোৱাবে কুচীয়াক ক’লে, “তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ৷” তাতে কুচীয়াই যোৱাবক সেৱা কৰি লৰি গ’ল।
তেতিয়া যোৱাবে তেওঁক ক’লে, “তুমি আজি এই বাতৰি দিয়া লোক হ’ব নালাগে; তুমি আন দিনাখন এই বাতৰি দিবা৷ আজি তুমি একো বাতৰি নিদিবা কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ’ল।”
তেতিয়া চাদোকৰ পুত্ৰ অহীমাচে আকৌ যোৱাবক ক’লে, “যি হওঁক, অনুগ্ৰহ কৰি কুচীয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “বোপা তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ একো বঁটা নাপাবা।”
অহীমাচে ক’লে, “যি হওঁক, মোক লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “লৰি যোৱা।” তেতিয়া অহীমাচে সমথলৰ বাটেদি লৰি লৰি গৈ কুচীয়াক পাছ পেলালে।
তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”