Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 18:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তেতিয়া যোৱাবে তেওঁক ক’লে, “তুমি আজি এই বাতৰি দিয়া লোক হ’ব নালাগে; তুমি আন দিনাখন এই বাতৰি দিবা৷ আজি তুমি একো বাতৰি নিদিবা কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ’ল।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 18:20
8 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”


তেতিয়া যোৱাবে কুচীয়াক ক’লে, “তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ৷” তাতে কুচীয়াই যোৱাবক সেৱা কৰি লৰি গ’ল।


তেতিয়া প্ৰহৰীয়ে ক’লে, “মই ভাবো প্ৰথম জন লোকৰ লৰ চাদোকৰ পুত্ৰ অহীমাচৰ লৰৰ নিচিনা।” ৰজাই ক’লে, “তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে।”


তেতিয়া ৰজাই সুধিলে, “ডেকা যুৱক অবচালোমৰ মঙ্গল নে?” তাতে অহীমাচে উত্তৰ দি ক’লে, “যি সময়ত যোৱাবে আপোনাৰ দাস মোক আপোনালৈ পঠালে, তেতিয়া বৰ হুৰা-মুৰা হোৱা দেখিলোঁ; কিন্তু কি হৈছিল সেই বিষয়ে জানিবলৈ নাপালোঁ।”


তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”


তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।


যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন