Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 17:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 17:17
8 পৰস্পৰ সংযোগসমূহ  

চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”


ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।


পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।


পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।


পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, ষাঁড় আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।


তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”


সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন