17 তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক’লে, “হে মফিবোচৎ, তুমি মোৰ লগত কিয় নগ’লা?”
যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।
বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।