15 এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।
পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।