Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 15:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 15:36
5 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।


ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।


তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।


তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন