Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 চমূ 14:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷” ’”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 14:32
15 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।”


কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।


তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”


তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷


তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।


আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”


ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”


লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”


যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।


তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।


তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’?


আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷


তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”


এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন