Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 14:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেতিয়া অবচালোমে নিজৰ দাসবোৰক ক’লে, “চোৱা, মোৰ মাটিৰ ওচৰতে যোৱাবৰ এখন শস্যক্ষেত্ৰ আছে আৰু তাত তেওঁৰ যৱধান আছে৷ তোমালোকে সেই ঠাইত গৈ তাত জুই লগাই দিয়া।” তাতে অবচালোমৰ দাসবোৰে সেই খেতিত জুই লগাই দিলে।

অধ্যায়টো চাওক কপি কৰক




2 চমূ 14:30
9 পৰস্পৰ সংযোগসমূহ  

যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;


তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”


তাৰ পাছত অবচালোমে নিজকে ৰজাৰ ওচৰলৈ পঠিয়াবৰ কাৰণে যোৱাবক সেই কথা জনালে, কিন্তু যোৱাব তেওঁৰ ওচৰলৈ আহিবলৈ সন্মত নহ’ল। সেই বাবে তেওঁ দ্বিতীয়বাৰ মানুহ পঠালে কিন্তু তেতিয়াও যোৱাব আহিবলৈ মান্তি নহ’ল৷


তেতিয়া যোৱাবে উঠি অবচালোমৰ ঘৰলৈ তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ দাসবোৰে মোৰ খেতিত কিয় জুই লগাই দিলে?”


তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন