26 তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।
পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।
গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”