7 যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।
তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।”
তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।
তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।
মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;