15 পাছত অৰামীয়াসকলে ইস্ৰায়েলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে।
কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।
তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল।
যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্চফৰ ৰজা,
আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।