10 আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।
এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ বলৱান হয়, তেন্তে তুমি আহি মোক সহায় কৰিবাহি৷ আৰু যদি তোমাতকৈ অম্মোনৰ সন্তান সকল অতি বলৱান হয়, তেন্তে মই গৈ তোমাক সহায় কৰিম।
আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”
চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।