27 হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”
হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
তেওঁলোকে দূৰ দিগন্ত দেশৰ পৰা, যিহোৱাৰ বিচাৰৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে সমগ্র দেশ ধ্বংস কৰিবলৈ আহিছে।