Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 1:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷

অধ্যায়টো চাওক কপি কৰক




2 চমূ 1:21
14 পৰস্পৰ সংযোগসমূহ  

পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।


তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।


তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?


কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।


যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।


প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল।


মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।


পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।


পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।


যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।


তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, য’ত ওলমি আছে এহেজাৰ ঢাল; সেই সকলোবোৰেই সৈন্যসকলৰ।


পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন