13 পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”
তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”
পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।