Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 কৰি 8:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়ে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হ’ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ’বলৈ মণ্ডলী সকলৰ দ্বাৰাই পৰিচাৰকৰূপে মনোনীত হোৱা৷

অধ্যায়টো চাওক কপি কৰক




2 কৰি 8:19
20 পৰস্পৰ সংযোগসমূহ  

কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।


ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷


সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।


তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।


পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।


তাতে তেওঁৰ পৰিচর্যা কৰা সকলৰ মাজৰ তীমথিয় আৰু ইৰাস্তচ, এই দুজনক মাকিদনিয়ালৈ পঠিয়াই দি তেওঁ নিজে এচিয়া দেশত কিছুদিন থাকিল।


তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।


অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷


অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।


এতিয়া সেই কাৰ্য সিদ্ধ কৰক৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰক৷


কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।


আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;


মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন