Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 কৰি 7:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 যদিওঁবা মই আপোনালোকলৈ লিখিছিলো, তথাপি অন্যায় কৰা জনৰ কাৰণে বা অপকাৰ পোৱা জনৰ কাৰণে নহয়, কিন্তু আমাৰ অৰ্থে আপোনালোকৰ যি যত্ন, সেয়ে ঈশ্বৰৰ দৃষ্টিত আপোনালোকৰ বাবে যেন প্ৰকাশিত হয়, এই কাৰণেহে লিখিছিলোঁ।

অধ্যায়টো চাওক কপি কৰক




2 কৰি 7:12
8 পৰস্পৰ সংযোগসমূহ  

কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ।


কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?


এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে।


আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে, মই যে আচলতে প্রেম কৰোঁ৷


কিয়নো মোৰ সেই পত্ৰৰ দ্বাৰাই আপোনালোক দুঃখিত হ’লেও মই বেজাৰ নকৰোঁ৷ আগেয়ে যদিওঁবা বেজাৰ কৰিছিলোঁ, এতিয়া দেখিলোঁ যে মোৰ পত্ৰখনে আপোনালোকক দুঃখিত কৰিলে, কিন্তু সেই পত্ৰই মাথোন অলপ সময়হে আপোনালোকৰ দুখ জন্মাইছিল,


কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন