Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 কৰি 11:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ।

অধ্যায়টো চাওক কপি কৰক




2 কৰি 11:12
13 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।


তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।


আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?


যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷


যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে?


“কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”।


কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে সেই বাবে ময়ো গৌৰৱ কৰিম।


আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম।


আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ।


আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।


এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন