Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 8:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 এই হেতুকে এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদক কৈছিল, ‘তুমি মোৰ আগত যেনেকৈ চলিছা, সেইদৰে যদি তোমাৰ সন্তান সকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহলে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব’, এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 8:25
12 পৰস্পৰ সংযোগসমূহ  

যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷


চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।


আপোনৰ দাস মোৰ পিতৃ দায়ূদলৈ আপুনি যি প্ৰতিজ্ঞা কৰিছিল, তাক আপুনি তেওঁলৈ পালন কৰিলে৷ এনে কি আপুনি নিজ মুখেৰে কৈ আজিৰ দৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।


হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।


যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।


তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন