32 চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।
তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু ডেৰ হাত জোখৰ আৰু এহাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল৷ তাৰ মুখৰ দাঁতিতোত খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷
সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।