25 কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
এলিয়াই উত্তৰ দি ক’লে, “মই ইস্ৰায়েলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশইহে দুখ দিছা, তোমালোকে যিহোৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছা।
কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।
তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”
তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে।
তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।
নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।”
কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।
এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।
তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।