Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 20:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 20:4
10 পৰস্পৰ সংযোগসমূহ  

এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব।


আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।


‘তোমাৰ ৰূপ আৰু সোণ মোৰ; আৰু তোমাৰ সবাতকৈ উত্তম পত্নীসকল আৰু সন্তান সকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই’।”


পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়;


এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”


তাৰ পাছত যাবেচৰ লোকে নাহচক ক’লে, “কাইলৈ আমি তোমালোকৰ ওচৰত সমর্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা।”


গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন