Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 20:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তেওঁ ক’লে, “তুমি।” পাছত তেওঁ প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলক একত্রিত কৰিলে। তেতিয়া তেওঁ দুশ বত্ৰিশ জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইস্ৰায়েলৰ আটাই সন্তান সকলক একত্ৰিত কৰি, সাত হাজাৰ লোক হ’ল।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 20:15
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”


পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।


কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”


যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”


সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,


সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।


তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”


আহাবে ক’লে, “কাৰ দ্বাৰাই এনে কৰিবা?” ভাববাদীজনে ক’লে, “যিহোৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতি সকলৰ ডেকাসকলৰ দ্বাৰাই।” তেতিয়া আহাবে সুধিলে, “যুদ্ধ কোনে আৰম্ভ কৰিব?”


পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।


বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন