Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 2:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

38 গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 2:38
5 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তোমালোকে তোমালোকৰ দেৱতাৰ নামেৰে প্ৰাৰ্থনা কৰিবা আৰু মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; তাতে যাৰ ঈশ্ৱৰে অগ্নিৰ দ্বাৰাই উত্তৰ দিব, তেওঁৱেই ঈশ্বৰ হওঁক।” তাতে সকলো লোকে উত্তৰ দি ক’লে, “এইটো ভাল কথা।”


কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”


কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,


তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”


হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন