Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 2:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 2:28
8 পৰস্পৰ সংযোগসমূহ  

আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।


তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।


তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”


তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।


সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।


তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ, গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিং কেইটা যজ্ঞবেদিৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব; আৰু তাত পিতলৰ পতা মাৰিব লাগিব।


যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন