Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 19:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 19:13
11 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”


তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।


তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”


এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।


তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”


তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।


মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।


তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গ’ল। তেওঁ নগৰখনৰ পূবদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হ’ব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।


তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন