12 ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে।
এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।