Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 18:44 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

44 পাছত সপ্তমবাৰ চাওঁতে, তেওঁ ক’লে, “চাওঁক, মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে।” তেতিয়া এলিয়াই ক’লে, “তুমি উঠি গৈ আহাবক কোৱা, ‘বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওঁক’।”

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 18:44
7 পৰস্পৰ সংযোগসমূহ  

ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।


আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।


কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।


লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।


তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল।


এই হেতুকে এতিয়া কাঠ লৈ এখন নতুন ৰথ সাজা আৰু কান্ধত যুৱলি নোলোৱা দুজনী খীৰঁতী গাই গৰু আনি ৰথত লগোৱা আৰু সিহঁতৰ পোৱালি সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাবা।


পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন